-->

মনমোহন সিঙৰ ভাষ্য: বিমুদ্রাকৰণে সহায় কৰিলে চীনৰ ব্যৱসায়ীক

মনমোহন সিঙৰ ভাষ্য: বিমুদ্রাকৰণে সহায় কৰিলে চীনৰ ব্যৱসায়ীক

দীর্ঘদিনৰ অন্তত পুনৰ বিমুদ্রাকৰণৰ বিৰুদ্ধে সৰৱ হৈ পৰিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদ ড° মনমোহন সিং। আহমেদাবাদত একাংশ ব্যৱসায়ীৰে হোৱা বার্তালাপত তেওঁ কয় যে বিমুদ্রাকৰণ হ'ল ভাৰতৰ অৰ্থনীতিৰ বাবে এক ক'লা দিন। এই তথাকথিত অৰ্থনৈতিক সংস্কাৰৰ ফলত দেশৰ ঔদ্যোগিক খণ্ডত বিৰূপ প্ৰভাৱ পৰে। গুজৰাটৰ বিভিন্ন উদ্যোগসমূহত বিমুদ্রাকৰণে সৃষ্টি কৰা অসুবিধাৰ কথা এতিয়া স্পষ্ট হৈ পৰিছে। একেদৰে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে বিমুদ্রাকৰণ হৈ পৰিল বিভীষিকাস্বৰূপ। তেওঁ লগতে কয় যে বিমুদ্রাকৰণৰ পিছত দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ একাংশ বন্ধ হোৱাৰ বিপৰীতে একাংশৰ উৎপাদন হ্ৰাস হ'ল।