-->

বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী মোডী: একবিংশ শতিকা এছিয়াবাসীৰ

বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী মোডী: একবিংশ শতিকা এছিয়াবাসীৰ

স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণৰ ১২৫ বছৰ আৰু দিনদয়াল উপাধ্যায়ৰ শতবাৰ্ষিকী উপলক্ষে কালি দিল্লীৰ বিজ্ঞান ভৱনত ছাত্ৰ-ছাত্ৰীসকলৰ এক সমাৱৰ্তনত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে একবিংশ শতিকা এছিয়াবাসীৰ। 'এখন এছিয়াৰ ধাৰণাটো আগবঢ়োৱা প্ৰথমজন ব্যক্তি আছিল বিবেকানন্দ। আজি বিশ্বই জানে যে চীনেই হওক বা ভাৰতেই হওক, ২১ শতিকা বিকশিত এছিয়াবাসীৰ শতিকা'- প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে লগতে ধেমেলীয়া সুৰত কয়, 'কলেজসমূহত ৰ'জ ডে' পালনৰ মই বিৰোধী নহওঁ, কিন্তু এনেবোৰ দিৱস পালন ৰ'জ ডে'ৰ পৰা কেৰেলা ডে' বা শিখ ডে' বা পঞ্জাৱ ডে'লৈ পৰিৱৰ্তন হোৱা উচিত যাতে সেই ৰাজ্যখনৰ সংস্কৃতিৰ বিষয়ে আমি জানিব পাৰোঁ।' সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি মোডীয়ে কয় যে বাট-পথ চাফা কৰাসকলৰহে 'বন্দে মাতৰম' ধ্বনি দিয়াৰ প্ৰথম অধিকাৰ আছে। তেওঁ কয়, 'মই প্ৰৱেশ কৰোঁতে 'বন্দে মাতৰম', 'বন্দে মাতৰম' বুলি ডাঙৰকৈ চিঞৰা শুনিছিলোঁ... দেশপ্ৰেমৰ প্ৰমূল্যই মোৰ হৃদয় ভৰাই তোলে। কিন্তু আমাৰ জানো 'বন্দে মাতৰম' বুলি ধ্বনি দিয়াৰ অধিকাৰ আছে ?' তেওঁ কয় যে বন্দে মাতৰম বুলি চিঞৰাসকলে পথবোৰ লেতেৰা কৰে। 'আমি বাট পথবোৰ চাফা কৰো বা নকৰোঁ, আমাৰ মাতৃভূমিক লেতেৰা কৰাৰ অধিকাৰ নাই।