-->

কেন্দ্ৰীয় মন্ত্ৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ: ২০১৯ৰ লোকসভা নিৰ্বাচনলৈ সাজু হওক

কেন্দ্ৰীয় মন্ত্ৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ: ২০১৯ৰ লোকসভা নিৰ্বাচনলৈ সাজু হওক

গুজৰাট বিধানসভা নিৰ্বাচনৰ পিচতে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে সকলো মন্ত্ৰীকে সাজু হ'বলৈ নিৰ্দেশ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সূত্ৰই প্ৰকাশ কৰামতে অলপতে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠকত মোডীয়ে সকলো মন্ত্ৰীকে গুজৰাট বিধানসভা নিৰ্বাচনৰ পিচত ২০১৯ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ সদব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে ২০১৪ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ৯ মাহ পূৰ্বেই ৰাজনাথ সিঙে তেওঁৰ ওপৰত নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰিছিল। 'আগন্তুক লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজত ১৮ মাহ সময় বাকী আছে। নিশ্চিতভাৱে ই কম সময় নহয়। চৰকাৰৰ আঁচনিৰ বিষয়ে জনতাক অৱগত কৰাবলৈ মন্ত্ৰীসকলৰ হাতত পৰ্যাপ্ত সময় আছে' -মোডীয়ে এনেদৰে কয়।