ঘৰতে চাব পাৰিব আদালতৰ বিচাৰ প্ৰক্ৰিয়া

ঘৰতে চাব পাৰিব আদালতৰ বিচাৰ প্ৰক্ৰিয়া

ডিজিটেল ডেস্ক: বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শুনানী দিয়ে এক ঐতিহাসিক বিষয়ত৷আদালততকিদৰে বিচাৰ চলে সেই সকলো কথা চকুৰ আগত দেখিবলৈ পাব দেশবাসীয়ে৷বুধবাৰে কেবাটাও ঐতিহাসিক ৰায়ৰ লগতে পোনপটীয়া সম্প্ৰচাৰ বা ‘লাইভ ষ্ট্ৰিমিং’ সন্দৰ্ভতো ৰায় প্ৰদান কৰে সৰ্বোচ্চ আদালতে।  এতিয়া ঘৰত বহিয়েই ম’বাইল বা লেপটপত লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ সাক্ষী হ’বলৈ পাৰিব৷ এই পোনপটীয়া সম্প্ৰচাৰে ন্যায় ব্যৱস্থা অধিক স্বচ্ছ কৰিব বুলি আশা প্ৰকাশ কৰিছে ন্যায়ধীশ দীপক মিশ্ৰই৷