-->

যোৱা বৰ্ষত ভাৰতীয় সেনাৰ হাতত ১৩৮ পাক সেনা নিহত আৰু ১৫৫ আহত আৰু পাক সেনাৰ হাতত ভাৰতে হেৰুৱালে ২৮ সেনা

যোৱা বৰ্ষত ভাৰতীয় সেনাৰ হাতত ১৩৮ পাক সেনা নিহত আৰু ১৫৫ আহত আৰু পাক সেনাৰ হাতত ভাৰতে হেৰুৱালে ২৮ সেনা

সদ্যসমাপ্ত বৰ্ষটোত অভিযান আৰু সীমান্তৰ গুলীয়াগুলিত ভাৰতীয় সেনাৰ হাতত ১৩৮ গৰাকী পাক সেনা নিহত হয়। ২০১৭ চনৰ বছৰটোত পাক সেনাৰ গুলীত নিহত হয় ২৮ জনকৈ ভাৰতীয় জোৱান। ভাৰতীয় চোৰাংচোৱাৰ মতে ২০১৭ চনত ভাৰতীয় সেনাৰ অভিযান (ছার্জিকেল ষ্ট্ৰাইক) আৰু জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাক সেনাই ১৩৮ গৰাকী জোৱান হেৰুৱাৰ বিপৰীতে ১৫৫ গৰাকী সেনা গুৰুতৰভাৱে আহত হয়। এই সময়ছোৱাত পাক সেনাৰ গুলী আৰু অপ্ৰৰোচিত আক্ৰমণত ভাৰতীয় সেনাৰ ২৮ গৰাকী জোৱান নিহত হোৱাৰ লগতে ৭০ জন জোৱান গুৰুতৰভাৱে আহত হয়। চোৰাংচোৱা প্ৰতিবেদনখনৰ মতে ২০১৬ চনৰ তুলনাত ২০১৭ চনৰ সময়ছোৱাত পাক সেনাই অভিলেখবাৰৰ বাবে যুদ্ধবিৰতি চুক্তি ভংগ কৰি ভাৰতৰ ওপৰত অপ্ৰৰোচিত আক্ৰমণ সংঘটিত কৰে। ২০১৬ চনৰ ২২১ টা আক্ৰমণৰ বিপৰীতে ২০১৭ চনৰ সময়ছোৱাত ৮৬০ বাৰ যুদ্ধবিৰতিত লিপ্ত হয় পাকিস্তানী সেনা।