-->

কেৰেলাৰ সৌৰ কেলেংকাৰী প্ৰসংগ: বিধানসভাত প্ৰতিবেদন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

কেৰেলাৰ সৌৰ কেলেংকাৰী প্ৰসংগ: বিধানসভাত প্ৰতিবেদন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

কেৰেলাৰ সৌৰ কেলেংকাৰীৰ অনুসন্ধানৰ ন্যায়িক প্ৰতিবেদন বিধানসভাত উত্থাপন কৰিছে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰতিবেদন উত্থাপন কৰাৰ সময়ত পূৰ্বৰ মুখ্যমন্ত্ৰী অ'ম্মেন চান্দী আৰু তেওঁৰ কেইবাজনো কেবিনেটে সতীৰ্থ কেলেংকাৰীত জড়িত থকাৰ কথা সদৰী কৰে। ন্যায়িক প্ৰতিবেদনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত সহায়কৰ জৰিয়তে উপভোক্তাক প্ৰবঞ্চনা কৰাৰ তথ্য সন্নিবিষ্ট হৈছে বুলি কোৱা হয়। এহেজাৰ পৃষ্ঠাৰ এই প্ৰতিবেদন ইংৰাজী আৰু মালায়লম উভয় ভাষাতে প্ৰস্তুত কৰি উলিওৱা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জি শিৱৰাজনৰ নেতৃত্বত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল।