-->

কাশ্মীৰী যুৱকৰ পাকিস্তানলৈ বাৰ্তাবাহক হৈ যোৱাৰ ভয়াবহ প্ৰতিবেদন প্ৰকাশ

কাশ্মীৰী যুৱকৰ পাকিস্তানলৈ বাৰ্তাবাহক হৈ যোৱাৰ ভয়াবহ প্ৰতিবেদন প্ৰকাশ

পাকিস্তানলৈ যোৱা কাশ্মীৰী যুৱকক 'বাৰ্তাবাহক' হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাবে পাকিস্তানলৈ যাব বিচৰা কাশ্মীৰী যুৱকক চাইবাৰ সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। পাকিস্তানৰ ভূমিত লালিত-পালিত সন্ত্ৰাসবাদ আৰু বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ চোৰাং সৰবৰাহৰ বিষয়ে অধ্যয়ন কৰিবলৈ গঠন কৰি দিয়া এখন তদন্ত সমিতিয়ে চৰকাৰক দাখিল কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। বিভিন্ন সংস্থাৰ প্ৰতিনিধি অন্তৰ্ভুক্ত হৈ থকা তদন্ত কমিটীখনে নিজৰ প্ৰতিবেদনত কৈছে যে পঞ্জাৱত অধ্যয়ন বা ব্যৱসায় কৰিবলৈ অহা কাশ্মীৰী যুৱকক বৈধ নথিপত্ৰ লৈ পাকিস্তান ভ্ৰমণ কৰিবলৈ উদগনি যোগোৱা হয়। ২০১৬ বৰ্ষৰ পৰা কাশ্মীৰী যুৱকে কৰা পাকিস্তান ভ্ৰমণৰ গতি-প্ৰকৃতি চাই তদন্ত কমিটিখনে এক প্ৰকাৰ নিশ্চিত হৈছে যে এই ভ্ৰমণৰ আঁৰত গভীৰ ৰহস্য সোমাই আছে। বৈধ নথিপত্ৰ লৈ যোৱা কাশ্মীৰী যুৱকে ভিছাৰ ম্যাদ অন্ত পৰাৰ পাছতো পাকিস্তানত থকা ঘটনা চিন্তাৰ কাৰণ বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। পঞ্জাৱ আৰক্ষী, বি এছ এফ আৰু সেনাৰ সদস্যৰ দ্বাৰা গঠিত তদন্ত কমিটীখনে সন্দেহ কৰিছে যে কাশ্মীৰী যুৱকক পথভ্রষ্ট কৰাৰ বাবে এটা চক্ৰই চেষ্টা কৰি আহিছে।