-->

পঞ্জাৱত মাতৃসহ সাংবাদিকক হত্যা: পঞ্জাৱ চৰকাৰৰ তদন্ত কমিটি গঠন

পঞ্জাৱত মাতৃসহ সাংবাদিকক হত্যা: পঞ্জাৱ চৰকাৰৰ তদন্ত কমিটি গঠন

দেশৰ প্ৰখ্যাত বাতৰিকাকত ইণ্ডিয়ান এক্সপ্ৰেছ আৰু টাইমছ অব ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক কে জে সিং আৰু তেওঁৰ ৯২ বছৰীয়া মাতৃৰ মৃতদেহ পঞ্জাৱৰ ম'হালিৰ নিজ বাসভৱনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পিচতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। জ্যেষ্ঠ সাংবাদিক কে জে সিঙৰ মৃতদেহৰ ডিঙিত ছিদ্ৰ থকাৰ লগতে ৯২ বছৰীয়া মাতৃ গুৰচৰণ কৌৰৰ ডিঙিতো আঘাতৰ চিন প্ৰত্যক্ষ কৰাৰ পাছতেই আৰক্ষীয়ে ঘটনাটি হত্যাকাণ্ড বুলি নিশ্চিত কৰিছে। মাতৃসহ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ হত্যাকাণ্ডৰ ঘটনাটি পোহৰলৈ অহাৰ লগে লগে ৰাজ্যৰ লগতে দেশৰ সংবাদ মাধ্যমেত চাঞ্চল্যৰ সৃষ্টি হয়। কৰ্ণাটকৰ বেংগালুৰুত সাংবাদিক গৌৰী লংকেশক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদ দেশব্যাপী অব্যাহত থকাৰ সময়তে পঞ্জাৱৰ ম'হালিত জ্যেষ্ঠ সাংবাদিক সিং আৰু তেওঁৰ মাতৃক নিজ বাসভৱনতে হত্যা কৰা ঘটনাই সাংবাদিকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ম'হালিৰ উপ-আৰক্ষী অধীক্ষক আলম বিজয় সিঙে সাংবাদিকগৰাকীৰ ম'হালিস্থিত বাসভৱনত উপস্থিত হৈ মৃতদেহ দুটাত আঘাতৰ চিন প্ৰত্যক্ষ কৰাৰ পাছতেই হত্যাকাণ্ড বুলি নিশ্চিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আনহাতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ঘটনা সন্দৰ্ভত এছ আই টি (বিশেষ অনুসন্ধানকাৰী দল) গঠন কৰিবলৈ পঞ্জাৱ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰে।