-->

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নাভিছৰ তৎপৰতাত যশৱন্ত সিনহাৰ অনশন ভংগ

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নাভিছৰ তৎপৰতাত যশৱন্ত সিনহাৰ অনশন ভংগ

বিজেপিৰ ভিতৰচ'ৰাত অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাই অনশনত বহা দলটোৰ বৰ্ষীয়ান নেতা তথা দেশৰ প্রাক্তন বিত্তীয় মন্ত্ৰী যশৱন্ত সিনহাই অৱশেষত নিজৰ অনশন ভংগ কৰিছে। মূলতঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত তেওঁ অনশন কাৰ্যসূচী ত্যাগ কৰে। উল্লেখ্য যে কৃষকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অনশনত বহিছিল বৰ্ষীয়ান নেতাগৰাকীয়ে। তেওঁ অনশন কাৰ্যসূচী আৰম্ভ কৰাৰ পাছতে স্থানীয় আৰক্ষীয়ে তেওঁক আটক কৰে যদিও পৰিৱৰ্তী পৰ্যায়ত মুকলি কৰি দিয়ে। ইয়াৰ পিচতে পুনৰ একাংশ কৃষক তথা সমৰ্থকক লৈ কৃষকৰ প্ৰতি মহাৰাষ্ট্ৰ চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে তেওঁ পুনৰ সৰৱ হৈ পৰে। পুনৰ অনশন আৰম্ভ কৰা যশৱন্ত সিনহাই অৱশেষত বুধবাৰে অনশন ত্যাগ কৰে।