-->

ভাৰতৰ সৌৰসক্তি উৎপাদনৰ ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি

ভাৰতৰ সৌৰসক্তি উৎপাদনৰ ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি

চলিত বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ভাৰতৰ সৌৰসক্তিৰ উৎপাদন ক্ষমতা ২,২৪৭ মেগাৱাট বৃদ্ধি পাইছে। চলিত বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিক হিচাপৰ সময়ছোৱাত এই পৰিমাণ আছিল ১,৯৪৭ মেগাৱাট। সেই হিচাপত জুলাই-চেপ্টেম্বৰৰ সময়ছোৱাৰ ভিতৰত ভাৰতত ১৫.৪০ শতাংশ সৌৰসক্তিৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে। মাৰ্কম কেপিটেল নামৰ সংস্থাটোৱে চলোৱা এক সমীক্ষাৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে। সংস্থাটোৰ মতে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ভাৰতৰ মুঠ সৌৰশক্তি উৎপাদন ক্ষমতা ৭,১৪৯ মেগাৱাটলৈ বৃদ্ধি পালে।