-->

জাহাজেৰে হজ যাত্ৰা কৰিব পাৰিব ভাৰতীয়ই

জাহাজেৰে হজ যাত্ৰা কৰিব পাৰিব ভাৰতীয়ই

আকৌ জাহাজেৰে হজ যাত্রা আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে কালি এই কথা প্ৰকাশ কৰি কয় যে জাহাজেৰে সাগৰীয় পথেৰে জেদ্দালৈ তীৰ্থযাত্ৰী প্ৰেৰণৰ বাবে ভাৰতে জনোৱা অনুৰোধৰ প্ৰতি ছৌডি আৰবে সঁহাৰি জনাইছে। মুছলমানসকলৰ পবিত্ৰ ধৰ্মস্থান মক্কালৈ ভাৰতীয়ই জাহাজেৰে হজ যাত্ৰা কৰাৰ বাবে দুয়োখন দেশৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত এতিয়া আর্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবেও হজ যাত্ৰা সম্ভৱ হ'ব। উল্লেখনীয় যে পূৰ্বেও ভাৰতীয়ই সাগৰীয় পথেৰে হজ যাত্ৰা কৰিছিল যদিও ১৯৯৫ চনৰ পৰা এনে যাত্ৰা বন্ধ হৈ আছিল।