-->

ভাৰতে সফল পৰীক্ষণ কৰিলে আন এক ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰৰ

ভাৰতে সফল পৰীক্ষণ কৰিলে আন এক ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰৰ

থলুৱা প্ৰযুক্তিৰে নিৰ্মিত আন এক ছুপাৰছ'নিক ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ কৰিলে ভাৰতে। বৃহস্পতিবাৰে উৰিষ্যাত এই ক্ষেপনাস্ত্ৰটোৰ সফল পৰীক্ষণৰ কথা সদৰী কৰিছে দেশখনৰ প্ৰতিৰক্ষা বিভাগে। এই এডভান্স এয়াৰ ডিফেন্স ছুপাৰছ'নিক ক্ষেপনাস্ত্ৰটোৱে শত্ৰুপক্ষই নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰক আকাশমাৰ্গতে ধ্বংস কৰিব পাৰে। উল্লেখ্য যে চলিত বৰ্ষটোতে এনেধৰণৰ আন দুটা ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে ভাৰতে। ইয়াৰ পাছতে পূৰ্ণ পৰ্যায়ত বৃহস্পতিবাৰে এই ক্ষেপনাস্ত্ৰটোৰ সফল পৰীক্ষা সম্পন্ন কৰা হয়। মন কৰিবলগীয়া যে পৰীক্ষণৰ সময়ত এই ক্ষেপনাস্ত্ৰটোক ৰখা হৈছিল আব্দুল কালাম দ্বীপত। ইয়াৰ পাছতে ৰাডাৰত আন ক্ষেপনাস্ত্ৰৰ প্ৰৱেশৰ সংকেত ভাঁহি অহাৰ পাছতে উক্ত ক্ষেপনাস্ত্ৰটো ধ্বংস কৰিবলৈ এই ছুপাৰছ'নিক ক্ষেপনাস্ত্ৰটো নিক্ষেপ কৰা হৈছিল। আশা কৰা ধৰণে ই সফল হয়।