বাৰ্লিন আন্তৰ্জাতিক পৰ্যটন মহোৎসৱত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীৰ পুৰস্কাৰ লাভ ভাৰতৰ

বাৰ্লিন আন্তৰ্জাতিক পৰ্যটন মহোৎসৱত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীৰ পুৰস্কাৰ লাভ ভাৰতৰ

বাৰ্লিনত অনুষ্ঠিত আন্তৰ্জাতিক পৰ্যটন মহোৎসৱত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীৰ পুৰস্কাৰ লাভ কৰিছে ভাৰতে। পৰ্যটন মন্ত্ৰী কে জে এলফেন্সে ইয়াৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিছে। পৰ্যটনৰ স্থলী হিচাপে মোডীয়ে ভাৰতক বিশ্বৰ আগত তুলি ধৰাৰ বাবেই দেশখনে এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি এলফন্সে মন্তব্য কৰে। উল্লেখ্য যে এই অনুষ্ঠানত এইবাৰেই ভাৰতে প্ৰথমবাৰলৈ পুৰস্কাৰ লাভ কৰিলে। যোৱা ৭ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ বাৰ্লিনত 'আই টি বি-বাৰ্লিন ৱৰ্ল্ড টুৰিষ্ট মীট' শীৰ্ষক এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।