-->

দেশজুৰি ৰাৱণ দাহেৰে দশেৰা উৎসৱ পালন: দিল্লীৰ লালকিল্লা ময়দানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী উপস্থিত

দেশজুৰি ৰাৱণ দাহেৰে দশেৰা উৎসৱ পালন: দিল্লীৰ লালকিল্লা ময়দানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী উপস্থিত

দেশজুৰি পালন কৰা হয় দশেৰা উৎসৱ। দেশৰ বিভিন্ন প্ৰান্তত ৰাৱণ দাহৰ পৰম্পৰাৰে সকলোৱে সমাজৰ বেয়াবোৰ আঁতৰাই ভাল অহাৰ মানসেৰ ভগৱান ৰামৰ আশীষ বিচাৰে। যোৱা কেইবাদিনো ধৰি দেশৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈ আছিল ৰামলীলা। আজি দেশৰ সমূহ ৰামলীলা থলিতে উদযাপন কৰা হয় ৰাৱণ দাহ অনুষ্ঠান। দিল্লীৰ লালকিল্লা ময়দানত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দশেৰা উৎসৱত অংশগ্ৰহণ কৰে। লালকিল্লাৰ ময়দানৰ পৰাই ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে দেশবাসীক বিজয়া দশমীৰ লগত দশেৰা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।