-->

বাৰামুলাত পুৱা সংঘটিত সেনা-সন্ত্রাসবাদীৰ সংঘৰ্ষত জৈছ-ই-মহম্মদৰ কামাণ্ডাৰ খালিদ নিহত

বাৰামুলাত পুৱা সংঘটিত সেনা-সন্ত্রাসবাদীৰ সংঘৰ্ষত জৈছ-ই-মহম্মদৰ কামাণ্ডাৰ খালিদ নিহত

কুখ্যাত সন্ত্রাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ শীর্ষ নেতা খালিদ কালি জম্মু-কাশ্মীৰৰ বাৰামুলাৰ লাজেৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত হয়। বাৰামুলা জিলাত কালি পুৱা ৯ বজাত জৈছ-ই-মহম্মদৰ জম্মু-কাশ্মীৰৰ অভিযান শাখাৰ মুৰব্বী খালিদে নিৰাপত্তাৰক্ষীৰ এটা কনভয়ত আক্ৰমণ কৰে আৰু নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত তেওঁ নিহত হয় বুলি প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। উত্তৰ কাশ্মীৰৰ চুপুৰ এলেকাত সক্ৰিয় দুধর্ষ সন্ত্রাসবাদী খালিদে কিছুদিন পূৰ্বে ১২ জন পাক প্ৰশিক্ষিত সন্ত্রাসবাদীক ভাৰতত প্ৰৱেশ কৰাইছিল। ২০১৬ চনৰ জুনত প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহে খালিদৰ নাম, বাৰামুলাত জৈছ-ই-মহম্মদৰ এটা শিবিৰ সেনাই উৎখাত কৰাৰ সময়ত খালিদে পলায়ন কৰিবলৈ সক্ষম হয়।