ভাৰতত উপস্থিত প্ৰাক্তন মাৰ্কিন বৈদেশিক সচিব হিলাৰী ক্লিন্টন

ভাৰতত উপস্থিত প্ৰাক্তন মাৰ্কিন বৈদেশিক সচিব হিলাৰী ক্লিন্টন

এক চমু ভ্ৰমনসূচী লৈ সম্প্ৰতি ভাৰতত আছেহি একালৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী তথা বৈদেশিক সচিব হিলাৰী ক্লিন্টন। পৰিয়ালৰ সৈতে কিছু অৱসৰ বিনোদন কটোৱাৰ লগতে দুই-এটা নিৰ্ধাৰিত কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ সম্প্ৰতি আছে ভাৰতৰ মধ্যপ্ৰদেশত। শনিবাৰে তেওঁ উপস্থিত হৈছিল মায়ানগৰী মুম্বাইত। তাত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লোৱাৰ পিছত তেওঁ উপস্থিত হয়হি ইন্দোৰত। জানিব পৰা মতে তিনিদিনীয়া এই ভ্ৰমনসূচী লৈ ভাৰতলৈ আহিছে যুক্তৰাষ্ট্ৰৰ একালৰ শক্তিশালী ৰাজনীতিকগৰাকী। ইন্দোৰত তেওঁ আজি কেইবাটাও ঐতিহাসিক স্থল পৰিদৰ্শন কৰে। ইয়াৰ পিছতে কাইলৈ তেওঁ উপস্থিত হ'ব মহেশ্বৰমত। নৰ্মদা নদীৰ কাষত থকা মহেশ্বৰমত ৰাজপৰিয়ালৰ নিমন্ত্ৰণক্ৰমে তেওঁ কাইলৈ চহৰখনত উপস্থিত হ'ব। ইয়াৰ পিছতে তেওঁ যোধপুৰত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে। যোধপুৰৰ পৰাই তেওঁ পুনৰ আমেৰিকালৈ উৰা মাৰিব।