-->

বিদেশী ন্যায়াধিকৰণৰ আন্তঃগাঁথনি উন্নয়নৰ খতিয়ান ল’লে উচ্চ ন্যায়ালয়ে

বিদেশী ন্যায়াধিকৰণৰ আন্তঃগাঁথনি উন্নয়নৰ খতিয়ান ল’লে উচ্চ ন্যায়ালয়ে

অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ দূৰ কৰাৰ স্বাৰ্থত ৰাজ্যত স্থাপন কৰা বিদেশী ন্যায়াধিকৰণ সমূহৰ দুর্বস্থাত উদ্বিগ্ন হৈ পৰিছে উচ্চ ন্যায়ালয় । বিদেশী ন্যায়াঅধিকৰণৰ সমুহৰ উন্নয়নৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত প্ৰত্যক্ষ ভাৱে দৃষ্টি ৰাখি আনিছে ন্যায়ালয়ে । বিদেশী ন্যায়াধিকৰণ সমূহৰ সুৰক্ষা, সা-সুবিধা, কৰ্মচাৰীৰ দৰমহা আদি প্ৰসংগত বিভিন্ন ব্যৱস্থির গ্ৰহণ কৰিবলৈ ন্যায়ালয়ে ইতিমধ্যেই নিৰ্দেশো দিছে । অলপতে ন্যায়াধিকৰণ সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত দিয়া নিৰ্দেশনৰ আগ্ৰগতিৰ খতিয়ান লয় উচ্চ ন্যায়ালয়ে । গৃহ বিভাগৰ মুখ্য সচিব এল এছ চাংছন আৰু উচ্চপদস্থ বিষয়সকলে ন্যায়ালয়ত উপস্থিত থাকি এই সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে ।