-->

গুজৰাট-মহাৰাষ্ট্ৰত হ্ৰাস ডিজেল-পেট্ৰলৰ ভেট

গুজৰাট-মহাৰাষ্ট্ৰত হ্ৰাস ডিজেল-পেট্ৰলৰ ভেট

গুজৰাট ৰাজ্য চৰকাৰে ভেট কৰ্তন কৰি পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ পিচত একে ব্যৱস্থা গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ কেবিনেটে কালি পেট্ৰ'ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ক্ৰমে ১ টকা আৰু ২ টকাকৈ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লয়। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে প্ৰকাশ কৰামতে তেওঁৰ চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ ভেট ৪ শতাংশকৈ হ্ৰাস কৰিছে আৰু কালি মাজনিশাৰ পৰা দুয়োবিধ ইন্ধনৰ মূল্য হ্ৰাস পাব। দুয়োখন চৰকাৰে এয়া দেৱালীৰ উপহাৰ বুলি কৈছে যদিও বিভিন্ন ৰাজ্যৰ আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে এনে কৰা হৈছে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে।