-->

ভুৱা বেংক একাউণ্ট চিনাক্তকৰণত সহায়ক হ’ব আধাৰ: ৰবি শংকৰ প্ৰসাদ

ভুৱা বেংক একাউণ্ট চিনাক্তকৰণত সহায়ক হ’ব আধাৰ: ৰবি শংকৰ প্ৰসাদ

বেংক একাউন্টৰ সৈতে আধাৰ নম্বৰ সংযুক্ত হোৱাৰ পিচত অতি সহজেই ক'লা ধনৰ সৰ্বৰাহকাৰী এৰি ভুৱা বেংক একাউন্টৰ গৰাকীক চিহ্নিত কৰিব পৰা যাব বুলি মন্তব্য কৰিছে আইন আৰু তথ্য-সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে। এই সন্দৰ্ভত ৰবি শংকৰ প্ৰসাদে কয়, 'আমি বেংক একাউন্টৰ সৈতে আধাৰ কিয় সংযুক্ত কৰিছো? ইয়াৰ অৰ্থ হ'ল যে আপুনি যদিহে ক'লা ধনৰ সৰবৰাহৰ সৈতে জড়িত তেতিয়াহ'লে আপুনি ধৰা পৰিব। যদিহে আপোনাৰ ভুৱা বেংক একাউণ্ট আছে তেতিয়াও আপুনি ধৰা পৰিব।' তেওঁ জনোৱামতে এতিয়ালৈকে ৬০ লাখ বেংক একাউণ্ট আধাৰ নম্বৰৰ সৈতে সংযোগ কৰা হৈছে।