-->

চিদাম্বৰমৰ একাংশ আত্মীয়ৰ ঘৰত এনফৰ্চমেণ্টৰ তালাচী

চিদাম্বৰমৰ একাংশ আত্মীয়ৰ ঘৰত এনফৰ্চমেণ্টৰ তালাচী

এয়াৰচেল মেক্সিছ কেলেংকাৰীৰ তদন্তৰ দায়িত্বত থকা এনফৰ্চমেণ্ট সঞ্চালকালয়ে শুকুৰবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ একাংশ আত্মীয়ৰ ঘৰত তালাচী চলায়। উল্লেখ্য যে উক্ত কেলেংকাৰীত চিদাম্বৰমৰ পুত্ৰ কীৰ্তি চিদাম্বৰম জড়িত থকাৰ অভিযোগ উঠিছে। এই কেলেংকাৰীৰ তদন্তৰ দায়িত্বত থকা এনফৰ্চমেণ্ট সঞ্চালকালয়ে শুকুৰবাৰে চেন্নাই আৰু কলকাতাত তালাচী চলায়। এই দুয়োখন মহানগৰত থকা চিদাম্বৰমৰ আত্মীয়ৰ ঘৰত এই তালাচী চলোৱা হৈছে। অৱশ্যে তালাচীৰ সময়ত কোনো আপত্তিজনক নথি আদি উদ্ধাৰ হৈছে নেকি সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। তদন্তকাৰী দলটোৱে চেন্নাইৰ চাৰিটা স্থানত পুৱাৰে পৰা তালাচী আৰম্ভ কৰে।