-->

আফগানিস্তানৰ ভূমিকম্পৰ পাৰ্শ্বক্ৰিয়া : জম্মু-কাশ্মীৰত হিমস্খলনৰ আশংকা

আফগানিস্তানৰ ভূমিকম্পৰ পাৰ্শ্বক্ৰিয়া : জম্মু-কাশ্মীৰত হিমস্খলনৰ আশংকা

আফগানিস্তান তথা তাজিকিস্তানৰ সীমান্তত হোৱা ভূমিকম্পৰ পিচতে জম্মু-কাশ্মীৰত হিমস্খলনৰ আশংকা প্ৰবল হৈ পৰিছে। আনকি এক সাম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে জম্মু-কাশ্মীৰ প্ৰশাসনে জৰুৰীভাৱে সকলোকে সতৰ্ক কৰি দিছে। উল্লেখ্য যে আফগানিস্তান সীমান্তত ৰিখটাৰ স্কেলত ৬.২ প্ৰাবল্যৰ এক ভূমিকম্প অনুভূত হৈছিল। এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল জম্মু-কাশ্মীৰতো। ইফালে প্ৰবল শীতৰ মাজত থকা জম্মু-কাশ্মীৰৰ সকলো পৰ্বত সম্প্ৰতি বৰফত ডুব গৈ আছে। সেয়ে ভূমিকম্পৰ পাছত এই পৰ্বতসমূহৰ বৰফসমূহ হঠাতে তললৈ নামি অহাৰ আশংকা অতি প্ৰবল হৈ পৰিছে। সেয়ে ২৪ ঘণ্টাৰ বাবে সকলোকে সতৰ্ক হ'বলৈ জৰুৰী ঘোষণা কৰিছে প্ৰশাসনে।