-->

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কেন্দ্ৰক : ২০০-৫০ টকীয়া নোট পুনৰ পৰীক্ষণ কৰক

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কেন্দ্ৰক : ২০০-৫০ টকীয়া নোট পুনৰ পৰীক্ষণ কৰক

দেশত নতুনকৈ প্ৰচলন কৰা ২০০ আৰু ৫০ টকীয়া নোটে চূড়ান্ত অসুবিধাৰ সৃষ্টি কৰিছে দৃষ্টিহীন লোকসকলৰ মাজত। এই বিষয়টো কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই গুৰুত্বসহকাৰে প্ৰমাণ কৰা উচিত। একেদৰে এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি এই নোটসমূহ পুনৰীক্ষণ কৰাৰ প্ৰয়োজন। এক গোচৰৰ শুনানিৰ অন্তত এই অভিমত দিল্লী উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে বিমুদ্রাকৰণৰ পিচত কেন্দ্ৰীয় চৰকাৰ তথা ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই যি ২০০ আৰু ৫০ টকীয়া নোটৰ প্ৰচলন কৰিছে, সেই নোটসমূহৰ আকাৰ প্ৰায় একে। পূৰ্বে প্ৰচলিত নোটসমূহৰ আকাৰ-আকৃতিৰ ক্ষেত্ৰত পাৰ্থক্য থকাৰ বাবে দৃষ্টিহীন লোকসকলে সেই নোটসমূহ কিমান টকা মূল্যৰ, সেয়া অনায়াসে গম পাইছিল। কিন্তু শেহতীয়াকৈ প্ৰচলন কৰা এই বিশেষ দুবিধ নোট চিনাক্তকৰণৰ ক্ষেত্ৰত চূড়ান্তভাৱে অসুবিধাৰ সন্মুখীন হৈছে দেশৰ দৃষ্টিহীন লোকসকলৰ। সেয়ে এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি ইয়াৰ নিষ্পত্তিৰ বাবে চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই এই ক্ষেত্ৰত বিশেষজ্ঞ লোকৰ সৈতে পৰামৰ্শ কৰিব লাগে বুলিও লগতে মত প্ৰকাশ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।