-->

কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু হিজবুলৰ সংঘর্ষ: দুই সন্ত্রাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু হিজবুলৰ সংঘর্ষ: দুই সন্ত্রাসবাদী নিহত

জম্মু আৰু কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছ'প'ৰত নিৰাপত্তা বাহিনীৰ অভিযানত কালি দুটা সন্ত্রাসবাদী নিহত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি ছ'প'ৰৰ চে'ক-ই-ব্রেথ অঞ্চলত সন্ত্রাসবাদীৰ উপস্থিতিৰ খবৰ পাই সেনা-চি আৰ পি এফ আৰু আৰক্ষীৰ দলে অভিযান চলায়। এই অভিযানতে নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় সন্ত্রাসবাদী দুটা। হিজবুল মুজাহিদীনৰ সদস্য নিহত সন্ত্রাসবাদী দুটাক গালোৰা হান্দৱাৰাৰ পাৰভেইজ আহমদ ৱানি আৰু ছ'প'ৰৰ শ্বেলপ'ৰা ব্ৰেডৰ নাঈম আহমদ নাজাৰ বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিটা এ কে ৪৭ ৰাইফল উদ্ধাৰ কৰিছে।