-->

গুজৰাট প্ৰগতিৰ বিৰুদ্ধে বিজয় ৰূপানীৰ মন্তব্য

গুজৰাট প্ৰগতিৰ বিৰুদ্ধে বিজয় ৰূপানীৰ মন্তব্য

গুজৰাটৰ উন্নয়নৰ প্ৰতি গুৰুত্ব কৰা নাছিল পূৰ্বৰ ইউ পি এ চৰকাৰে । দক্ষিণৰ ৰাজ্যখনৰ প্ৰয়োজনীয়তাক কোনো কাৰণতে ইউ পি এ চৰকাৰে গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ কৰিছে গুজৰাটৰ মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে । অতীতত ৰাজ্যখনৰ প্ৰগতিৰ ক্ষেত্ৰত কংগ্ৰেছে প্ৰতিৰোধ লগাই থৈছিল বুলিও অভিযোগ কৰিছে ৰূপানীয়ে । জি নিউজৰ 'গেম অৱ গুজৰাট কনক্লেভ'ত মুখ্য মন্ত্ৰী ৰূপানীয়ে কয় যে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰাৰ বাবেই গুজৰাটত আগন্তক নিৰ্বাচনত বিজেপিয়ে ডেৰ শতাধিক আসন পাবলৈ সক্ষম হব । নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই গুজৰাটে প্ৰগতি দেখিবলৈ পাইছে বুলিও ৰূপানীয়ে উল্লেখ কৰে ।