-->

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণা: অৰুণাচল প্ৰদেশৰ অস্তিত্বক নামানে চীনে

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণা: অৰুণাচল প্ৰদেশৰ অস্তিত্বক নামানে চীনে

সীমা সমস্যাক লৈ চীন আৰু ভাৰতৰ মাজত শেহতীয়াকৈ বিবাদমান পৰিস্থিতি অব্যাহত থকাৰ সময়তে এইবাৰ আন এক প্ৰৰোচিত মন্তব্যৰে অৰুণাচল প্ৰদেশৰ অস্তিত্বক সম্পূৰ্ণভাৱে অস্বীকাৰ কৰিলে চুবুৰীয়া দেশখনে। বুধবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গেং চুৱাঙে স্পষ্ট কৰি দিয়ে যে ভাৰতে কোৱা তথাকথিত অৰুণাচলৰ অস্তিত্বক তেওঁলোকে স্বীকাৰ নকৰে। ইয়াৰ দ্বাৰা আওপকীয়াকৈ দেশখনে প্ৰকাশ কৰিলে যে অৰুণাচল প্ৰকৃততে ভাৰতৰ নহয়, চীনৰহে অবিচ্ছেদ্য অংগ। উল্লেখ্য যে কিছুদিন পূৰ্বে অৰুণাচলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিছিল চীনৰ সেনাবাহিনী। দেশখনৰ সেনাবাহিনী সীমা অতিক্ৰম কৰি দুশ মিটাৰপৰ্যন্ত সোমাই আহিছিল ভাৰতীয় ভূ-খণ্ডলৈ। এই বিষয়টোক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চীনৰ বৈদেশিক দপ্তৰৰ মুখপাত্রগৰাকীয়ে কয় যে প্ৰথম কথা হ'ল কেতিয়াও তথাকথিত অৰুণাচলৰ অস্তিত্বক তেওঁলোকে স্বীকাৰ নকৰে। একেদৰে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ কোনো বাতৰি লাভ কৰা নাই বুলিও লগতে কয়।