-->

মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যুতিৰ মন্তব্য: ডিচেম্বৰত হ’ব পাৰে গুজৰাট বিধানসভাৰ নিৰ্বাচন

মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যুতিৰ মন্তব্য: ডিচেম্বৰত হ’ব পাৰে গুজৰাট বিধানসভাৰ নিৰ্বাচন

গুজৰাট বিধানসভা নিৰ্বাচন ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা সম্ভাৱনা অধিক। আহমেদাবাদত কালি এই সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যোতিয়ে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে দুদিনীয়া আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে। তেওঁ কয়- যিহেতু জানুৱাৰী মাহত নতুন বিধানসভা গঠন কৰিব লাগিব সেয়ে ডিচেম্বৰতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক। তেওঁ কয়- শীঘ্ৰে নিৰ্বাচনী সূচী ঘোষণা কৰিব নিৰ্বাচনী আয়োগে। উল্লেখযোগ্য যে শাসনাধিষ্ঠিত বিজেপিয়ে ২০১৮ চনৰ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। দলটোৰ মতে বৰ্তমান বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব ২২ জাণুৱাৰীত। সেয়ে চৰকাৰক কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ দিব লাগে।