-->

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ক’হিমাত উপস্থিত মুখ্য নিৰ্বাচনী আয়ুক্ত জটি

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ক’হিমাত উপস্থিত মুখ্য নিৰ্বাচনী আয়ুক্ত জটি

অহা বছৰ নাগালেণ্ডত অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে প্ৰস্তুতি আৰু পৰিস্থিতিৰ বুজ ল'ব। মুখ্য নিৰ্বাচন আয়ুক্ত অচল কুমাৰ জটিয়ে দুই সতীৰ্থ নিৰ্বাচন আয়ুক্ত ওমপ্রকাশ ৰাৱাট আৰু সুনীল অৰোৰাক লগত লৈ কালি ক'হিমাত উপস্থিত হয়। ক'হিমাত থকা সময়ত তেওঁলোকে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু গণনা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিব। নিৰ্বাচন আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ লগতো আলোচনাত মিলিত হ'ব। হোটেল জাপফুত কেইবালানি আলোচনা অনুষ্ঠিত হোৱাৰ কথা। আলোচনাৰ অন্তত নিৰ্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক সম্বোধন কৰিব।