-->

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘ভাৰতমালা প্ৰকল্প’ৰ কাম আৰম্ভ

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘ভাৰতমালা প্ৰকল্প’ৰ কাম আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে ১৩,০০০ কোটিটকীয়া অভিলাষী ভাৰতমালা ঘাইপথ নিৰ্মাণ প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। ইয়াৰে প্ৰথমটো পৰ্যায়ত নেচনেল হাইৱে' অথৰিটি অব ইণ্ডিয়াই ২০ টা প্ৰকল্প বাচনি কৰিছে। ইয়াৰ প্ৰকল্প পাঁচখন ৰাজ্যত ৰূপায়ন কৰা হ'ব। ইয়াৰ নামত মুঠ ব্যয় হ'ব ১৩,১০০ কোটি টকা। ইয়াৰ ভিতৰত সৰ্বাধিক প্ৰকল্প লাভ কৰিছে অন্ধপ্ৰদেশে। ইয়াৰ পিচতে স্থান লাভ কৰিছে গুজৰাট, তেলেংগানা আৰু ৰাজস্থানে। উত্তৰ প্ৰদেশত বৰ্তমানলৈকে মাত্ৰ এটা প্ৰকল্পৰ বাবেহে নিবিদা আহ্বান কৰা হৈছে। এন এইচ এ আইৰ মতে ভাৰতমালাৰ অধীনস্থ গৰিষ্ঠসংখ্যক প্ৰকল্পই হাইব্ৰীড এনুইটি মডেল (হাম)ৰ অধীনত ৰূপায়ন কৰা হ'ব। অন্যান্য প্রকল্পসমূহ ই পি চি (ইঞ্জিনিয়াৰিং প্ৰকিউৰমেণ্ট আৰু কংষ্ট্ৰাকচন) পদ্ধতিত ৰূপায়ন কৰা হ'ব। এন এইচ এ আইৰ এগৰাকী বিষয়াই প্ৰকাশ কৰামতে এতিয়ালৈকে ভাৰতমালা প্রকল্পৰ অধীনত অন্ধ্ৰপ্ৰদেশত সৰ্বাধিক সাতটা প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰা হৈছে। দ্বিতীয় স্থানত থকা গুজৰাটত পাঁচটা প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰা হৈছে।