-->

ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ সন্দৰ্ভত কিৰেন ৰিজিজুৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ সন্দৰ্ভত কিৰেন ৰিজিজুৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা বাবে কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেন ৰিজিজুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৱেম মেছিং নামৰ এজন লোকে। ত্ৰিৰংগাক অৱমাননা কৰা, বিকৃত কৰা আৰু ভাৰতীয় মানচিত্ৰৰ লগতে ৰাষ্ট্ৰীয় ফুলক অপমান কৰা অভিযোগ আনি মেচিঙে নাহৰলগুন আৰক্ষী থানাত বৃহস্পতিবাৰে এজাহাৰ দাখিল কৰে। ৰিজিজুৰ লগতে অভিযোগকাৰীয়ে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী ছাওনা মেইন, সাংস্কৃতিক মন্ত্ৰী মহেশ ছাইৰ বিৰুদ্ধেও সদৃশ অভিযোগ আনি তেওঁলোকৰ নাম এজাহাৰত উল্লেখ কৰিছে। ৰাষ্ট্রীয় পতাকা, ৰাষ্ট্ৰীয় ফুল আৰু ভাৰতৰ মানচিত্ৰক এই লোককেইজনে অপমান কৰি ভাৰতৰ ঐক্য আৰু দেশপ্ৰেমবোধত আঘাত হানিছে বুলি বেন মিচিঙে উল্লেখ কৰে।