-->

স্বপ্নমুখী বাজেট দাখিল বিত্ত মন্ত্ৰী অৰুণ জেটলিৰ : কৃষি-গ্ৰাম্য অৰ্থনীতিক প্ৰাধান্য

স্বপ্নমুখী বাজেট দাখিল বিত্ত মন্ত্ৰী অৰুণ জেটলিৰ : কৃষি-গ্ৰাম্য অৰ্থনীতিক প্ৰাধান্য

কালি সংসদত মোডী চৰকাৰৰ অন্তিমখন পূৰ্ণকালীন বাজেট দাখিল কৰিলে বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে। প্ৰধানতঃ দেশত হ'বলগীয়া আগন্তুক লোকসভা নিৰ্বাচন আৰু বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ জনতা আৰু কৃষক - গ্রামঞ্চলক বিশেষ প্ৰাধান্য দি জেটলিয়ে দাখিল কৰিলে স্বপ্নমুখী বাজেট। এইবাৰৰ বাজেটত লগতে আন্তঃগাথঁনি উন্নয়নতো বিশেষ গুৰুত্ব দিয়াৰ লগতে বাজেটৰ মাধ্যমেৰে দেশৰ বিকাশৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ গতিত আগুৱাই নিয়াৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰই। সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ তথা গ্রামঞ্চলীয় জনতাৰ মন জয়ৰ লক্ষ্যৰে যুগুত কৰা স্বপ্নমুখী বাজেটখন দেশৰ আর্থিকভাৱে দুৰ্বল ১০ কোটি পৰিয়ালক স্বাস্থ্য বীমা আঁচনিৰে সামৰি লোৱাৰ প্ৰস্তাৱ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে দেশৰ তিনিটাকৈ সংসদীয় সমষ্টি সামৰি এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ অভিলাষী প্ৰস্তাৱৰ কথাও বাজেটত উনুকিওৱা হৈছে। ক্ৰমাগতভাৱে দুৰ্বল হৈ পৰা কৃষি খণ্ডক সৱল কৰাৰ লগতে কৃষকৰ আৰ্থিক সমৃদ্ধিৰ বাবে ফচলৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱ কৰা হৈছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি ভাষণত উল্লেখ কৰিছে জেটলিয়ে। আনহাতে স্বাস্থ্য খণ্ড আৰু শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় বৰ্ধিত পুঁজি আহৰণৰ উদ্দেশ্যে চাৰি শতাংশ উপকৰ আৰোপৰো ব্যৱস্থা কৰা হৈছে। একেদৰে আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ হাৰত সামাজিক কল্যাণ উপকৰ ধার্য কৰা হৈছে। ইফালে এইবাৰৰ বাজেটত আয়কৰৰ স্তৰ অপৰিৱৰ্তিত ৰখা হৈছে। উল্লেখ্য যে আর্থিকভাৱে দুৰ্বলসকলক সামৰি দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে ২০২২ চনৰ ভিতৰত বাসগৃহ নিশ্চিত কৰাৰ অভিলাষী আঁচনিৰ কথাও ভাষণত দোহাৰিছে জেটলিয়ে। আনহাতে বাজেট দাখিল কৰি দিয়া ভাষণত জেটলিয়ে কৈছে যে নতুন বিত্তীয় বৰ্ষত বিভিন্ন শিতানত আগবঢ়াবলগীয়া ঋণৰ ভিতৰত ৭৬ শতাংশ ধন প্ৰদান কৰা হ'ব মহিলাক। একেদৰে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ অধীনত তিনি লাখ কোটি টকাৰ ঋণ মহিলা উদ্যোগীক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।