পদুম ফুলিল নাগালেণ্ড, ত্ৰিপুৰাত : মেঘালয়ত ওলমা বিধানসভা

পদুম ফুলিল নাগালেণ্ড, ত্ৰিপুৰাত : মেঘালয়ত ওলমা বিধানসভা

বাওঁ শিবিৰত প্ৰচণ্ড জোকাৰণি তুলি কংগ্ৰেছমুক্ত ভাৰতৰ দিশে আৰু এখোজ আগুৱাই গ'ল ভাৰতীয় জনতা পাৰ্টি। ত্ৰিপুৰাত শূন্যৰ পৰা শাসনভাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টী। আনহাতে নাগালেণ্ডতো বিজেপি মিত্ৰজোঁতে গঠন কৰিব চৰকাৰ। মেঘালয়টো চৰকাৰ গঠনৰ কুচকাৱাজ গেৰুৱা দলৰ। মুঠৰ ওপৰত এসময়ৰ কংগ্ৰেছৰ শাসনত থকা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল এতিয়া বিজেপিৰ দখলত। সমগ্ৰ উত্তৰ-পূবত বিজয়ধ্বজ্জা উৰুৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অব্যাহত ৰখা বিজয় অভিযানেৰে এইবাৰ গেৰুৱা দলটোৱে দখল কৰিলে ত্ৰিপুৰাত সুদীৰ্ঘ ২৫ বছৰ ধৰি অক্ষত হৈ থকা বাওঁমৰ্চাৰ লাল দুৰ্গ। এগৰাকী সৎ তথা নিকা ভাৱমূৰ্তিৰ ৰাজনীতিক হিচাপে দেশজুৰি সমাদৃত বাওঁপন্থী নেতা মাণিক সৰকাৰৰ হাতৰ পৰা শাসনৰ বাঘজৰী আজুৰি আনি বিজেপিয়ে ত্রিপুৰাতো উৰুৱালে বিজয়ধ্বজ্জা। কালি ঘোষিত ফলাফল অনুসৰি ৬০ খন আসনবিশিষ্ট ত্ৰিপুৰা বিধানসভাৰ ৪৩ খন আসনতে বিজয় সাব্যস্ত কৰি বিজেপিয়ে লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা। ইফালে নাগালেণ্ডতো বিদ্ৰোহী সংগঠনৰ ভাবুকি তথা নগা শান্তি চুক্তিৰ প্ৰসংগক লৈ নিৰ্বাচনৰ প্ৰকমুহূৰ্তলৈকে এক অনিশ্চয়তাৰ পৰিৱেশ বিৰাজ কৰি থকা ৰাজ্যখনত মিত্ৰ দল এন ডি পি পিৰ সৈতে জোঁত বান্ধি বিজেপিয়ে ২৯ খন আসন দখল কৰিবলৈ সক্ষম হয়। ইফালে বিজেপিৰ জয়যাত্ৰাত ত্ৰিপুৰা আৰু নাগালেণ্ডত অস্তিত্ব সম্পূৰ্ণ হেৰুৱাই পেলালেও মেঘালয়ত কিছু পৰিমাণে হ'লেও নিজৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ পুনৰবাৰ সক্ষম হৈছে কংগ্ৰেছ। ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছে ২১ খন, এন পি পিয়ে ১৯ খন আৰু অন্যন্যই ১৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। তিনি ৰাজ্যৰ ফলাফলত উৎফুল্লিত হৈ বিজেপি সভাপতি অমিত শ্বাহে কয় যে বিজেপিৰ পৰৱৰ্তী বিজয় লক্ষ্য হৈছে পশ্চিমবংগ, উৰিষ্যা আৰু কৰ্ণাটক। আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে বিজেপি নেতৃত্বাধীন এন ডি এৰ উন্নয়ণমুখী ৰাজনীতিৰ প্ৰতি দেশৰ জনসাধাৰণৰ আস্থা অটুট আছে সেয়া ত্ৰিপুৰা, নাগলেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনী ফলাফলে প্ৰতীয়মান কৰিছে।