-->

আগন্তুক গুজৰাট বিধানসভাত বিপদৰ সন্মুখীন নহয় বিজেপি: নীতিশ কুমাৰ

আগন্তুক গুজৰাট বিধানসভাত বিপদৰ সন্মুখীন নহয় বিজেপি: নীতিশ কুমাৰ

গুজৰাটত অহা ৯ আৰু ১৪ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হোৱাত কোনো সমস্যা নাই। কোনো বিপদ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন নোহোৱাকৈ জয়ী হ'ব বিজেপি। এই মন্তব্য বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। কালি ইয়াত অনুষ্ঠিত মুখ্যমন্ত্ৰীগৰাকীৰ সাপ্তাহিক লোকসংবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নীতিশ কুমাৰে কয় যে অতীতত উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপি জয়ী হ'ব বুলি তেওঁ যি ভৱিষ্যদ্বাণী কৰিছিল সেয়া সঁচা প্ৰমাণিত হ'ল। গুজৰাটতো একেই দৃশ্য দেখা যাব বুলি কয় নীতিশ কুমাৰে। নীতিশ কুমাৰৰ মতে গুজৰাটৰ ৰাইজৰ প্ৰধানমন্ত্ৰীৰ সৈতে বহু আৱেগ জড়িত হৈ আছে।