-->

বিজেপিয়ে গুজৰাটৰ নিৰ্বাচনত কোনো বিপদৰ সন্মুখীন নহয়

বিজেপিয়ে গুজৰাটৰ নিৰ্বাচনত কোনো বিপদৰ সন্মুখীন নহয়

গুজৰাটত বৰ্তমান নিৰ্বাচনৰ ঢৌৱে কেৱল দেখা গৈছে । আগন্তুক বিধান সভাৰ নিৰ্বাচনত দুটা পৰ্য্যায়ত অনুস্থিতব্য বিনেপি জয়ী হোৱাত কোনো সমস্যা নাই । কোনো বিপদ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন নোহোৱাকৈ জয়ী হব বিজেপি । এই মন্তব্য বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ । আজি পাটনাত অনুষ্ঠিত মুখ্যমন্ত্ৰী গৰাকীৰ সাপ্তাহিক লোকসংবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নীতিশ কুমাৰে কয় যে অতীতত উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপি জয়ী হব বুলি তেওঁ যি ভৱিষ্যবাণী কৰিছিল সেয়া সঁচা প্ৰমাণিত হল । গুজৰাটোতো একেই দৃশ্য দেখা যাব বুলি বিশ্বাস নীতিশ কুমাৰৰ । নীতিশ কুমাৰৰ মতে গুজৰাটৰ ৰাইজৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বহু আবেগ জড়িত হৈ আছে ।