-->

কেশৱ মৌৰ্যয়ে কৰে গুজৰাট নিৰ্বাচনৰ ভৱিষ্যবাণী

কেশৱ মৌৰ্যয়ে কৰে গুজৰাট নিৰ্বাচনৰ ভৱিষ্যবাণী

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হব । এই আশা গুজৰাটৰ বা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নহয় । এই আশা কৰিছে উত্তৰ প্ৰদেশৰ উপ-মুখ্য মন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যয়ে । কালি উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে কৈছে যে নিৰ্বাচনে প্ৰমাণ কৰিব গুজৰাটৰ শক্তিশালী নেতা কোন । আনফালে এই নিৰ্বাচনৰ জৰিয়তে জোৰকৈ নেতা হোৱা ৰাজনীতিক সকলৰো স্বৰূপ প্ৰকাশ পাব বুলি মৌৰ্যই উল্লেখ কৰিছে । একেই ফলাফল বিজেপিয়ে হিমাচল প্ৰদেশতো দেখিবলৈ পাবি বুলি নেতাগৰাকীয়ে ঘোষণা কৰিছে । গুজৰাটত মাত্ৰ এগৰাকীয়েই শক্তিশালী নেতা থকা বুলি উল্লেখ কৰি মৌৰ্যই কয় যে এই শক্তিশালী নেতাগৰাকী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মোদীৰ জৰিয়তে গুজৰাট আৰু হিমাচলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হব ।