বিজেপি নেতাই মুলায়েম সিং যাদৱক তুলনা কৰিলে ৰাৱনেৰে

বিজেপি নেতাই মুলায়েম সিং যাদৱক তুলনা কৰিলে ৰাৱনেৰে

সমাজবাদী পাৰ্টিৰ নেতা মুলায়েম সিং যাদৱক 'কলিযুগৰ ৰাৱণ' আৰু বি এছ পিৰ নেত্ৰী মায়াৱতীক 'শূ্ৰ্পনখা' আখ্যা দিলে বিজেপি নেতাই। এই বিজেপি নেতাজনৰ নাম নন্দগোপাল নন্দী; এওঁ উত্তৰ প্ৰদেশৰ আদিত্যনাথ চৰকাৰৰ এজন মন্ত্ৰী। লোকসভাৰ উপ-নিৰ্বাচনত বি এছ পিয়ে সমাজবাদী পাৰ্টিৰ সমৰ্থন দিয়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দি মন্ত্ৰী নন্দীয়ে কয় যে এনে ধৰণৰ মিত্ৰতা উত্তৰ প্ৰদেশৰ বাবে কল্যাণকাৰী নহ'ব। প্ৰীতম নগৰত এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী নন্দীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক 'ভগৱান ৰাম' আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক 'হনুমান' আখ্যা দিয়ে। ইয়াতে ক্ষান্ত নথকা বিজেপিৰ বিধায়কজনে শিৱপাল যাদৱক 'কুম্ভকৰ্ণ' আৰু সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱক 'মেঘনাথ' বুলি আখ্যা দিয়ে।