-->

পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ অধ্যক্ষ পদত অনুপম খেৰ

পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ অধ্যক্ষ পদত অনুপম খেৰ

দেশৰ অতি মৰ্যাদা সম্পন্ন চলচ্চিত্ৰ আৰু টেলিভিছন শিক্ষণ প্ৰতিষ্ঠান পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া (এফ টি আই)ৰ নতুন অধ্যক্ষ হ'ব প্ৰখ্যাত অভিনেতা অনুপম খেৰ। পাঁচ শতাধিক চিনেমাত অভিনয় কৰা ৬২ বছৰীয়া অনুপম খেৰৰ পত্নী কিৰণ খেৰ বিজেপিৰ সাংসদ। ২০১৬ চনত পদ্মভূষণ সন্মানেৰে ভূষিত অনুপম খেৰ ৰাজনৈতিকভাৱে বিজেপিৰ সমৰ্থক। মোডীৰ আমোলত এফ টি আইৰ অধ্যক্ষ হিচাপে নিয়োজিত হোৱা অনুপম খেৰ দ্বিতীয়গৰাকী লোক। প্ৰথমগৰাকী আছিল অভিনেতা গজেন্দ্ৰ চৌহান। চৌহানক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৰ অধ্যক্ষ নিযুক্তি দিয়াৰ পিচত জাঙুৰ খাই উঠিছিল প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকল। এফ টি আই আইৰ অধ্যক্ষ হিচাপে অনুপম খেৰৰ নিযুক্তিৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে চলচ্চিত্ৰ পৰিচালক মধুৰ ভাণ্ডাৰকাৰ, প্ৰযোজক নীতিশ নন্দী প্ৰমুখ্যে বিশিষ্ট লোকসকলে তেওঁক শুভেচ্ছা জনায়। ১৯৫৫ চনৰ ৭ মাৰ্চত ছিমলাত জন্ম লাভ কৰা অনুপম খেৰ এগৰাকী কাশ্মীৰী পণ্ডিত।