-->

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে আনন্দিবেন পেটেলে

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে আনন্দিবেন পেটেলে

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনন্দিবেন পেটেলে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। পেটেলে তেওঁৰ এই মনোভাৱৰ কথা বিজেপিৰ সভাপতি অমিত শ্বাহলৈ ৪ অক্টোবৰত লিখা এখন পত্ৰত উল্লেখ কৰিছে। ৭৫ বছৰীয়া পেটেলে বয়সৰ বাবেই আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনীহা প্ৰকাশ কৰি প্ৰতিভাধৰ আৰু জিকা সম্ভাৱনা থকা প্ৰাৰ্থীক নিৰ্বাচনত নোমোৱাৰ বাবে পৰামৰ্শ দিছে। ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ পিচত গুজৰাটৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী পেটেলে ২০১৫ চনৰ স্থানীয় নিকায় নিৰ্বাচনত বিজেপিৰ পৰাজয় আৰু পাতিদাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ২০১৬ চনৰ আগষ্টত পদত্যাগ কৰিছিল। ১৯৮৭ চনৰ পৰা তেওঁ ঘাটলদিয়া সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে।