-->

সেনা-সন্ত্ৰাসবাদী মাজত সংঘৰ্ষ

সেনা-সন্ত্ৰাসবাদী মাজত সংঘৰ্ষ

জইছ-ই-মহম্মদৰ তিনিজনকৈ সন্ত্ৰাসবাদী নিহত হয় দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত । সেনাৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত হয় এই তিনিজনকৈ সন্ত্ৰাসবাদী । সেনাবাহিনীৰ সূত্ৰই সদৰী কৰা মতে নিহত সন্ত্ৰাসবাদী কেইটাৰ মাজত এজন হল জইছ-ই-মহম্মদৰ মুৰব্বী মৌলনা মাছুদ আজহাৰৰ ভতিজা । সন্ত্ৰাসবাদী সকলৰ পৰা আমেৰিকাত নিৰ্মিত এম-৪ ৰাইফল আৰু এ কে-৪৭ উদ্ধাৰ কৰা হয় । নিহত সন্ত্ৰাসবাদী কেইটা হল ক্ৰ'মে জইছৰ মাণ্ডলিক কমাণ্ডাৰ মেহমুদ ভাই, তাল্লাহ ৰছিড আৰু ৱাছিম আহমেদ গণি । যোৱানিশা সংঘটিত সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন জোৱানো শ্বহীদ হয় বুলি জানিব পৰা গৈছে ।