-->

আগন্তুক ৰাষ্ট্ৰীয় অভিৱৰ্তনত সমাজবাদী পাৰ্টিৰ সংবিধান সংশোধন কৰিব আখিলেশে

আগন্তুক ৰাষ্ট্ৰীয় অভিৱৰ্তনত সমাজবাদী পাৰ্টিৰ সংবিধান সংশোধন কৰিব আখিলেশে

চলিত সপ্তাহৰ শেষৰফালে আগ্ৰাত অনুষ্ঠিত হ'বলগীয়া সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত দলৰ সংবিধান সংশোধন কৰি অখিলেশ যাদৱে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দী তথা খুড়াক শিৱপাল যাদৱক অপসাৰণ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। দলৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক এই ৰাষ্ট্ৰীয় অভিৱৰ্তনৰ জৰিয়তে অখিলেশ যাদৱে তেওঁৰ সভাপতিৰ কাৰ্যকাল তিনিৰ পৰা পাঁচ বছৰলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচন আৰু উত্তৰ প্ৰদেশৰ স্থানীয় নিকায় নিৰ্বাচনৰ পূৰ্বে দলৰ কৰ্মীসকলক উদ্ধুদ্ধ কৰাৰ লক্ষ্যৰে আখিলেশে সমাজবাদী পাৰ্টিৰ সংবিধান সংশোধন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰাৰ্থীক টিকট বিতৰণৰ ক্ষেত্ৰতো অখিলেশ হ'ব একমাত্ৰ কতৃত্ব থকা নেতা।