পাপনৰ বিতৰ্কিত চুমাৰ পিচতেই শিশু শিল্পীৰ ক্ষেত্ৰত থকা নীতি-নিৰ্দেশনাৰ সংশোধন কৰিব এন চি পি চি আৰে

পাপনৰ বিতৰ্কিত চুমাৰ পিচতেই শিশু শিল্পীৰ ক্ষেত্ৰত থকা নীতি-নিৰ্দেশনাৰ সংশোধন কৰিব এন চি পি চি আৰে

জনপ্ৰিয় গায়ক পাপনৰ চুমা বিতৰ্কৰ পাছতে দেশৰ বিভিন্ন টেলিভিছন চেনেলত কৰ্মৰত শিশু শিল্পীৰ ক্ষেত্ৰত থকা নীতি-নিৰ্দেশনাৰ ব্যাপক সংশোধন ঘটাবলৈ আগবাঢ়িছে নেচনেল কমিছন ফ'ৰ প্ৰটেকচন অব চাইল্ড ৰাইটছ বা চমুকৈ এন চি পি চি আৰে। দেওবাৰে এই কথা প্ৰকাশ কৰিছে এন চি পি চি আৰৰ মুৰব্বী স্তুতি কেক্কাৰে। উল্লেখ্য যে পাপনে নিজে ফেচবুকত প'ষ্ট কৰা এটা ভিডিঅ'ৰ আলম লৈ তেওঁৰ বিৰুদ্ধে এগৰাকী অধিবক্তাই এই এন চি পি চি আৰৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত এই ঘটনাটোৱে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰে। আনকি পাপনক কেন্দ্ৰ কৰি দেশত দুটা সম্পূৰ্ণ বিপৰীত শিবিৰৰ সৃষ্টি হোৱা দেখা যায়। একাংশই পাপনক নিৰ্দোষী আৰু একাংশই পাপনক দোষী বুলি অভিহিত কৰিছিল। এনে পৰিস্থিতি অব্যাহত থকাৰ সময়তে এইবাৰ এন চি পি আৰে শিশু শিল্পীৰ ক্ষেত্ৰত থকা পূৰ্বৰ নীতি-নিৰ্দেশনা সংশোধন কৰিবলৈ আগবাঢ়িছে। মন কৰিবলগীয়া যে বৰ্তমানে থকা নীতি-নিৰ্দেশনাসমূহ জুভেনাইল জাষ্টিছ এক্ট আৰু চাইল্ড চেক্সুৱেল অফেন্স এক্ট অৰ্থাৎ চাইল্ড লেবাৰ (সংশোধনী) আইনৰ পূৰ্বে যুগুত কৰা হৈছিল। সেয়ে এতিয়া এই তিনিখন আইনৰ অধীনত নতুনকৈ এই নীতি-নিৰ্দেশনা যুগুত কৰা হ'ব।