-->

দিপাৱলীৰ পিচতে কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব পাৰে ৰাহুল গান্ধীয়ে: শচীন পাইলট

দিপাৱলীৰ পিচতে কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব পাৰে ৰাহুল গান্ধীয়ে: শচীন পাইলট

দিপাৱলীৰ পিছতে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে। কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শচীন পাইলটে কালি এইদৰে মন্তব্য প্ৰকাশ কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে পাৰ্টিৰ উপ-সভাপতিয়ে সন্মুখৰ পৰা দলক নেতৃত্ব দিয়াৰ সময় আহি পৰিছে। পাইলটে লগতে জনায় যে ৰাহুল গান্ধীক উক্ত স্থানলৈ পদোন্নতি দিয়াৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰি থকা হৈছে। তেওঁৰ উত্তোৰণৰ যোগেদি পাৰ্টিত যুৱ আৰু প্ৰবীণ নেতাৰ সংমিশ্ৰণেৰে সুদৃঢ় ৰূপত ভাৰসাম্য বজাই দলক শক্তিশালী কৰা জৰুৰী হৈ পৰিছে। কংগ্ৰেছৰ নেতাজনে কয় যে পাৰ্টিত তেনে এক অনুভূতিয়ে বিৰাজ কৰিছে। ৰাহুল গান্ধীয়ে ইতিমধ্যে উপ-সভাপতি হিচাপে যথেষ্ট কাম কৰি আছে।