-->

ইউ জি চিৰ পেনেলৰ পৰামৰ্শ: বেনাৰস আৰু আলিগড় বিশ্ববিদ্যালয়ৰ পৰা হিন্দু-মুছলমান শব্দ প্ৰত্যাহাৰ কৰাৰ আহ্বান

ইউ জি চিৰ পেনেলৰ পৰামৰ্শ: বেনাৰস আৰু আলিগড় বিশ্ববিদ্যালয়ৰ পৰা হিন্দু-মুছলমান শব্দ প্ৰত্যাহাৰ কৰাৰ আহ্বান

বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হিন্দু আৰু মুছলমান শব্দ দুটাই শিক্ষানুষ্ঠান দুখনৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ প্ৰতিফলিত নকৰে। সেইবাবে এই শব্দ দুটা প্ৰত্যাহাৰ কৰা উচিত। বিশ্ববিদ্যালয় অনুদান আয়োগৰদ্বাৰা গঠিত এখন পেনেলে কালি এই পৰামৰ্শ আগবঢ়ায়। দেশৰ দহখন কেন্দ্রীয় বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ তদন্ত কৰিবলৈ ইউ জি চিয়ে এই পেনেলখন গঠন কৰি দিছিল। পেনেলখনে কয় যে কেন্দ্ৰীয় পুঁজিৰে পৰিচালিত বিশ্ববিদ্যালয়সমূহৰ চৰিত্ৰ ধৰ্মনিৰপেক্ষ হোৱা উচিত। গতিকে তেনে শিক্ষানুষ্ঠানত নিজৰ চৰিত্ৰ দাঙি ধৰিবলৈ ধৰ্মীয় কোনো শব্দ ব্যৱহাৰ কৰা অনুচিত। সেয়েহে বিশ্ববিদ্যালয় দুখনক আলিগড় বিশ্ববিদ্যালয় আৰু বেনাৰস বিশ্ববিদ্যালয় বুলিও নতুনকৈ নামকৰণ কৰিব পাৰি। ইউ জি চিৰ পেনেলে এই দুখন বিশ্ববিদ্যালয়ৰ বাদেও পণ্ডিচেৰী বিশ্ববিদ্যালয়, এলাহাবাদ বিশ্ববিদ্যালয়, উত্তৰাখণ্ডৰ হেমৱতী নন্দন বহুগুণা গাড়োৱাল বিশ্ববিদ্যালয়, ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়, জম্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৱাৰ্ধা মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়, ত্ৰিপুৰা বিশ্ববিদ্যালয় আৰু মধ্যপ্ৰদেশৰ হৰি সিং গৌড় বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰো তদন্ত কৰিছিল।