ভাৰতক প্ৰয়োজন চাৰ্জিকেল ষ্ট্ৰাইকৰ

ভাৰতক প্ৰয়োজন চাৰ্জিকেল ষ্ট্ৰাইকৰ

ডিজিটেল ডেস্ক: ভাৰতক প্ৰয়োজন হৈছে আন  এটা চাৰ্জিকেল ষ্ট্ৰাইকৰ৷ এই মন্তব্য দিছে ভাৰতৰ সেনা প্ৰধান বিপিন ৰাৱতে৷ ইণ্ডিয়া টুডেইৰ এক সাক্ষাৎকাৰ অনুষ্ঠানত সেনা প্ৰধানজনে কয় যে বৰ্তমান ভাৰতৰ কাশ্মীৰ সীমান্তত উগ্ৰপন্থীৰ আতংক দিনক দিনে বৃদ্ধি হ’ব ধৰিছে৷ উক্ত অঞ্চলসমুহ পুনৰ উগ্ৰপন্থীৰ ঘাটিলৈ পৰিগণিত হৈছে৷ সেইবাবে উক্ত অঞ্চলসমুহ উগ্ৰপন্থীমুক্ত কৰাটো খুবেই প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে৷