-->

গো ৰক্ষাৰ নামত হিংসা: কেন্দ্ৰ-ৰাজ্যসমূহক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

গো ৰক্ষাৰ নামত হিংসা: কেন্দ্ৰ-ৰাজ্যসমূহক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

গো ৰক্ষাৰ নামত দেশত বৃদ্ধি পোৱা হিংসা নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰে। গো ৰক্ষাৰ নামত দেশৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা হিংসাৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ শীৰ্ষ আদালতখনে ৰাজ্য চৰকাৰসমূহক প্ৰতিখন জিলাতে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক ন'ডেল বিষয়া হিচাপে নিযুক্তি দিবলৈও নিৰ্দেশ দিয়ে। আদালতে স্বয়ম্ভূ গো ৰক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কৰ্মবাহিনী গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক সাত দিনৰ সময়সীমা বান্ধি দিয়ে। আদালতৰ মতে গো ৰক্ষাৰ নামত যিসকলে আইন হাতত তুলি লৈছে তেওঁলোকৰ বিৰুদ্ধে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। আদালতে ইয়াৰ লগতে গো ৰক্ষাৰ নামত সৃষ্টি হোৱা হিংসা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিবলৈ সংবিধানে কেন্দ্ৰীয় চৰকাৰক অনুমতি দিয়ে নে নিদিয়ে এই বিষয়ে জনাবলৈও কয়।