উচ্চতম ন্যায়ালয়ৰ ঘোষণা : ৩১ মাৰ্চ নহয়, আধাৰ কাৰ্ডৰ সময় অনির্দিষ্ট কাললৈ বৃদ্ধি

উচ্চতম ন্যায়ালয়ৰ ঘোষণা : ৩১ মাৰ্চ নহয়, আধাৰ কাৰ্ডৰ সময় অনির্দিষ্ট কাললৈ বৃদ্ধি

আধাৰ কাৰ্ড প্ৰদানক লৈ অসমত অচলাৱস্থা অব্যাহত থকাৰ সময়তে মঙলাবাৰে আধাৰ সন্দৰ্ভত এক ঐতিহাসিক ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ে। আধাৰ কাৰ্ডৰ প্ৰসংগক লৈ অসমৰ জনসাধাৰণ অনিশ্বয়তাৰ অৱৰ্তত থকাৰ মাজতে সৰ্বোচ্চ ন্যায়ালয়ে এক ৰায়যোগে বেংক একাউণ্ট আৰু ম'বাইল ফোনকে ধৰি বিভিন্ন ক্ষেত্ৰত আধাৰ সংযোগকৰণৰ চূড়ান্ত সময়সীমা অনির্দিষ্ট কাললৈ বৃদ্ধি কৰিছে। মুখ্য ন্যায়াধীশ দীপক মিশ্রক মুৰব্বী হিচাপে লৈ গঠিত এখন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে মঙলাবাৰে এই ৰায়যোগে স্পষ্ট কৰি দিছে যে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী ৰায় প্ৰদান নকৰা পৰ্যন্ত আধাৰ সংযোগকৰণৰ সময়সীমা অনির্দিষ্ট কাললৈ বাহাল থাকিব। আধাৰ সংযোগৰ বাবে পূৰ্বে বান্ধি দিয়া ৩১ মাৰ্চৰ চূড়ান্ত সময়সীমা অনির্দিষ্টকাললৈ বঢ়ায় দিয়া বুলি সাংবিধানিক বিচাপৰপিঠে ঘোষণা কৰিছে। আধাৰৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল হোৱা এক আবেদন সন্দৰ্ভত শুনানি লৈ সাংবিধানিক বিচাৰপীঠে জাৰি কৰে এই গুৰুত্বপূৰ্ণ ৰায়।