ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী নির্মলা সীতাৰমণৰ অভিযোগ : চীনে ডোকলামত নিৰ্মাণ কৰিছে হেলিপেড

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী নির্মলা সীতাৰমণৰ অভিযোগ : চীনে ডোকলামত নিৰ্মাণ কৰিছে হেলিপেড

ছিকিম চেক্টৰৰ বিতৰ্কিত ডোকলামত পুনৰ চীনে নিজৰ আগ্ৰাসীৰূপ ধাৰণ কৰিছে। কিছুদিন বিৰতিৰ অন্তত চুবুৰীয়া ৰাষ্ট্ৰখনে পুনৰ অঞ্চলটোত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে। ইয়াৰ অংশস্বৰূপে বিতৰ্কিত অঞ্চলটোত চীনে হেলিপেডকে আৰম্ভ কৰি আন কিছু নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে। সোমবাৰে এই কথা প্ৰকাশ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী নির্মলা সীতাৰমণে। তেওঁ কয় যে অঞ্চলটোত চীনে হেলিপেড নিৰ্মাণ কৰাৰ লগতে নিজৰ সেনাবাহিনীৰ বাবে কিছু আশ্ৰয় শিবিৰ গঢ়ি তুলিছে। একেদৰে সেনাবাহিনীৰ বাবে প্ৰয়োজনীয় আন কিছু নিৰ্মাণকাৰ্যও দেশখনে আৰম্ভ কৰিছে। অৱশ্যে এনে কৰিলেও এতিয়ালৈকে পুনৰ ভাৰতৰ সীমাত অনাধিকাৰ প্ৰৱেশ কৰা নাই দেশখনৰ সেনাবাহিনীয়ে।