মোডীৰ ফটো সম্পাদিত কৰি বিপদত অভিনেত্ৰী

মোডীৰ ফটো সম্পাদিত কৰি বিপদত অভিনেত্ৰী

ডিজিটেল ডেস্কঃ টুইটাৰট প্ৰধানমন্ত্ৰী মোডীক বিদ্ৰুপ কৰি বিপদত পৰিল প্ৰাক্তন অভিনেত্ৰী তথা কংগ্ৰেছ দলৰ নেত্ৰী ৰাম্যা৷ টুইটাৰত মোডীৰ এখন সম্পাদিত ফটো আপল’ড কৰিছিল ৰাম্যাই,য’ত লিখা আছিল'চোৰ পিএম অভী চুপ হ্যে'৷ নেত্ৰীগৰাকীৰ এই কাৰ্য্যৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ গোমতীনগৰ আৰক্ষী থানাত ৰিজৱান আহমেদ নামৰ এগৰাকী অধিবক্তাই গোচৰ ৰুজু কৰিছে৷ কংগ্ৰেছৰ চ’চিয়েল মিডিয়া আৰু ডিজিটেল সংযোগৰ মুখ্য দায়িত্বত আছে ৰাম্যা৷ অধিবক্তা গৰাকীয়ে এজাহাৰখন দিয়াৰ পুৰ্বে উক্ত টুইটটো নেত্ৰীগৰাকীক মচি দিবলৈ আহ্বান জনাইছিল৷ কিন্তু মচি নিদিয়াৰ বাবেই এই গোচৰ ৰুজু কৰিবলৈ বাধ্য হ’ল বুলি অধিবক্তাজনে প্ৰকাশ কৰে৷