সম্ভেদ পোৱা গ’ল হিমাচলত নিখোজ আইআইটিৰ দলটোৰ

সম্ভেদ পোৱা গ’ল হিমাচলত নিখোজ আইআইটিৰ দলটোৰ

ডিজেটেল ডেস্কঃ ক্ৰমাত শোচনীয় হৈ পৰিছে হিমাচল প্ৰদেশৰ অৱস্থা৷প্ৰচণ্ড তুষাৰপাতে বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিছে পাহাৰীয়া ৰাজ্যখনক৷ এনে সময়তে এটা খবৰে কপাইছিল দেশ৷ ৰুৰকী স্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৪৫জনীয়া এটা দল ট্ৰেকিংৰ বাবে গৈছিল মানালিলৈ৷ ইয়াৰ পিছতেই নিখোজ হৈছিল দলটো৷ আজি উক্ত দলটোৰ সন্ধান পোৱা গৈছে৷ দলটোৰ আটাইকেইজন সদস্য নিৰাপদে আছে বুলি বুলি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠান এএনআইয়ে৷ আজিও ৰাজ্যখনৰ কেইবাখনো জিলাত শিক্ষানুষ্ঠানসমুহ বন্ধ ৰখা হৈছে৷ অৱেশ্যে ২৬চেপ্তেম্বৰৰ পৰা ৰাজ্যখনত তুষাৰপাত কিছু পৰিমাণে কমাৰ সম্ভাৱনীয়তা আছে বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছে৷