অৰ্থৰ অভাৱত বন্ধ হ’ল গান্ধীজীয়ে স্থাপন কৰা বিদ্যালয়

অৰ্থৰ অভাৱত বন্ধ হ’ল গান্ধীজীয়ে স্থাপন কৰা বিদ্যালয়

ডিজিটেল ডেস্ক: দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০তম জন্ম বাৰ্ষিকী পালন কৰাৰ সময়তে এটা খবৰে কঁপাইছে দেশ৷ আহমেদাবাদত ৯৭বছৰ পুৰ্ব স্থাপন কৰা বিদ্যালয়খন তলা লগোৱা হৈছে৷ মুলতঃ অৰ্থৰ অভাৱৰ বাবেই বন্ধ হৈ পৰিছে বিদ্যালয়খন৷ ১৯২১চনত গান্ধীজীয়ে স্থাপন কৰিছিল বিদ্যালয়খন৷ আনকি বিদ্যালয়খনৰ সংবিধানো ৰচনা কৰিছিল গান্ধীজীয়ে৷ ৰাষ্ট্ৰীয় শালা নামৰ এই বিদ্যালয়খনৰ পৰা কেৱল ২কিমি দুৰত্বত থকা আলফ্ৰেড বিদ্যালয়ক সংগ্ৰাহলয়লৈ পৰিৱৰ্তন কৰিছে চৰকাৰে,কিন্তু এই ঐতিহাসিক বিদ্যালয়খন যেন অৱহেলিত হৈ ৰ’ল চৰকাৰৰ চকুত৷ মুলতঃ ছাত্ৰৰ সংখ্যা কম হোৱাৰ বাবে অনুদানৰ অভাৱত পৰিছিল বিদ্যালয় কতৃপক্ষ৷