পৰকীয়া সম্পৰ্কক বৈধ আখ্যা দিলে উচ্চতম ন্যায়ালয়ে

পৰকীয়া সম্পৰ্কক বৈধ আখ্যা দিলে উচ্চতম ন্যায়ালয়ে

ডিজিটেল ডেস্ক-এতিয়াৰ পৰা অবৈধ নহয় অবৈধ সম্পৰ্ক৷ আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ব্যাভিচাৰিতা সম্পৰ্কে এক যুগন্তকাৰী শুনানী আগবঢ়াই৷আজি ন্যায়ালয়ে পুৰ্বৰ ৪৯৭ ধাৰাক বেআইনী বুলি আখ্যা  দিয়ে৷ পুৰ্বতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালত কৈছিল যে অবৈধ সম্পৰ্ক এক অপৰাধ,যিহেতু ইয়াৰ বাবে বহুতৰ ঘৰুৱা অশান্তি হয়৷ আজি৷উচ্চতম ন্যায়লয়ে কয় যে আগৰ আইনখনে বিবাহিত মহিলাৰ যৌন আকংক্ষাৰ ওপৰত হস্তক্ষেপ কৰিছিল৷ সেইবাবে এই আইনখন বেআইনী৷ আজি উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে বৈধ আখ্যা দিয়ে ব্যাভিচাৰীটাক৷ যদিহে পৰকীয়া প্ৰেমৰ বাবে সংগীয়ে আত্মহত্যা কৰে আৰু সেই আত্মহত্যাৰ কাৰণ আদালতত প্ৰমাণ কৰিব পাৰি তেতিয়াহে সেয়া অপৰাধ বুলি গণ্য হ’ব৷